ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ২০২৫ বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা চি ইউ ই টিৰ বাবে অনলাইন যোগে আৱেদন দাখিলৰ সময়সীমা কাইলৈ লৈকে বৃদ্ধি কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই এখন বিজ্ঞপ্তি যোগে পৰীক্ষা মাচুল জমা কৰাৰ দিনৰ সংশোধন কৰি ২৫ মাৰ্চ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। আৱেদনকাৰীসকলে ২৬ৰ পৰা ২৮ মাৰ্চলৈ আৱেদন পত্ৰৰ বিৱৰণৰ সংশোধন কৰিব পাৰিব। দেশৰ বিভিন্ন চহৰৰ লগতে বিদেশৰ ১৫ খন চহৰত চৰ পৰা ১ জুনৰ ভিতৰত কম্পিউটাৰ আধাৰিত এই পৰীক্ষা আয়োজিত কৰা হ’ব ।
Assamese | March 23, 2025 11:03 AM | CUET-UG
উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা চি ইউ ই টিৰ বাবে অনলাইনযোগে আৱেদন দাখিলৰ সময়সীমা বৃদ্ধি