চীনৰ চেংডুত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ছিংগাপুৰৰ বিপক্ষে ৪-১ ফলাফলত জয়লাভ কৰি ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গ্ৰুপ এৰ একক শাখাৰ খেলত অস্মিতা চলিহাই বিশ্ব ক্ৰমৰ অষ্টাদশ স্থানৰ খেলুৱৈ ইঅ’ জিয়া মিনৰ হাতত ১৫-২১, ১৮-২১ পোনপটীয়া ছেটত পৰাস্ত হয় ৷ পাছত ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰিয়া খাংজেংবাম আৰু শ্ৰুতি মিশ্ৰই জীআউ এন হেঙ আৰু জিন ইউ জিয়াক ২১-১৫, ২১-১৬ ছেটত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ একক শাখাৰ দ্বিতীয়খন খেলত ইশাৰাণী বৰুৱাই–ইছিৰা খানক ২১-১৩, ২১-১৬ ছেটত পৰাস্ত কৰে। দ্বৈত শাখাৰ দ্বিতীয়খন খেলত চীমৰন সিংঘি আৰু ৰিতিকা ঠাকৰে ই টিং এলচা লায় আৰু জেন মিছেলৰ বিৰুদ্ধে ২১–৮, ২১-১১ ফলাফলত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে আনমন খব্রে লী চিন মেগনক ২১-১৫, ২১-১৩ ছেটত পৰাস্ত কৰাত ভাৰতে ৪ -১ ফলাফলৰ অগ্ৰগতি লাভ কৰে । চীনৰ পাছতে ভাতৰ মহিলা দলটো গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। গ্ৰুপ এৰ শীৰ্ষ স্থানৰ বাবে দুয়োটা দলৰ মাজত অহা মঙলবাৰে চূড়ান্ত খেল অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে কালি অনুষ্ঠিত খেলত ভাৰতে কানাডাক ৪-১ ফলাফলত পৰাস্ত কৰে। পুৰুষৰ থ’মাছ কাপত গ্ৰুপ চিত থকা ভাৰতে কাইলৈ গ্ৰুপৰ দ্বিতীয়খন খেলত ইংলেণ্ডৰ মুখামুখি হ’ব। প্ৰথমখন খেলত ভাৰতে থাইলেণ্ডক ৪-১ ফলাফলত পৰাস্ত কৰে।
Assamese | April 28, 2024 8:00 PM | Uber Cup Badminton
উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মহিলা দলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ