চীনৰ চেংডুত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ছিংগাপুৰৰ বিপক্ষে ৪-১ ফলাফলত জয়লাভ কৰি ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে গ্রুপ এৰ একক শাখাৰ খেলত ইঅ’ জিয়া মিনে অস্মিতা চলিহাক ১৫-২১, ১৮-২১ পোনপটীয়া ছেটত পৰাস্ত কৰে। পাছত ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰিয়া খাংজেংবাম আৰু শ্ৰুতি মিশ্ৰই জীআউ এন হেঙ আৰু জিন ইউ জিয়াক ২১-১৫, ২১-১৬ ছেটত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ একক শাখাৰ দ্বিতীয়খন খেলত অসম সন্তান ইশাৰাণী বৰুৱাই-ইছিৰা খানক ২১-১৩, ২১-১৬ ছেটত পৰাস্ত কৰে। দ্বৈত শাখাৰ দ্বিতীয়খন খেলত চীমৰন সিংঘি আৰু ৰিতিকা ঠাকৰেৰ যুটীটোৱে জয়লাভ কৰাৰ বিপৰীতে আনমন খব্ৰে, লী চিন মেগনক পৰাস্ত কৰাত ভাৰতে ৪-১ ফলাফলৰ অগ্ৰগতি লাভ কৰে । চীনৰ পাছতে ভাৰতৰ মহিলা দলটো গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। গ্ৰুপ এৰ শীৰ্ষ স্থানৰ বাবে দুয়োটা দলৰ মাজত অহা মঙলবাৰে চূড়ান্ত খেল অনুষ্ঠিত হ’ব। ইপিনে পুৰুষৰ থ’মাছ কাপত গ্রুপ চিত থকা ভাৰতে আজি গ্ৰুপৰ দ্বিতীয়খন খেলত ইংলেণ্ডৰ মুখামুখি হ’ব। প্ৰথমখন খেলত ভাৰতে থাইলেণ্ডক ৪-১ ফলাফলত পৰাস্ত কৰে।
Assamese | April 29, 2024 12:58 PM | Uber cup
উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ