February 16, 2025 10:50 AM | President Droupadi Murmu

printer

উদ্ভাৱক আৰু উদ্যমীসকল পৰম্পৰাগত সম্প্ৰদায়মূহৰ জ্ঞানৰ ভেটিৰ প্ৰতি আওকান কৰা উচিত নহয় বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰকাশ

উদ্ভাৱক আৰু উদ্যমীসকল পৰম্পৰাগত সম্প্ৰদায়মূহৰ জ্ঞানৰ ভেটিৰ প্ৰতি আওকান কৰা উচিত নহয় বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। তেওঁ লগতে পৰম্পৰাগত ক্ষুদ্ৰ সমাধান সূত্ৰৰ কথা পাহৰি নাযাবলৈ যুৱ প্ৰজন্মৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। কালি বিয়লি ৰাঁচীৰ বিৰলা প্রযুক্তি প্রতিষ্ঠান মেছৰাৰ মহাৰজত জয়ন্তীত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মুৱে উন্নত ভাৰত গঠন প্ৰক্ৰিয়াত যুৱ প্ৰজন্মৰ উৎসাহ, উদ্দীপনা আৰু নিষ্ঠাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে কৃত্রিম বুদ্ধিমত্তাক উচ্চ শিক্ষাত অন্তর্ভুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীমতী মুৰ্মুৱে কয়, যে কৃত্রিম বুদ্ধিমত্তা আৰু মেচিন লার্নিঙ প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলত ভৱিষ্যতে অভূতপূৰ্ব পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। প্ৰযুক্তিৰ ক্ষেত্ৰত উদ্ভাৱনৰ প্রসাৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কৃত্রিম বুদ্ধিমত্তাই জনাসাধাৰণৰ জীৱনৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। মহিলা সৱলীকৰণ সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে ছোৱালীসকল বিজ্ঞান, অভিযান্ত্রিক, প্রযুক্তি আৰু গণিতৰ ক্ষেত্ৰত কোনো গুণে পিছ পৰি থকা নাই। অনুষ্ঠানত অংশগ্ৰহণ কৰি ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰে কয়, যে নতুন ভাৰতত ছোৱালীসকলে শিক্ষাৰ ক্ষেত্ৰত ল’ৰাতকৈ উন্নত প্ৰদৰ্শন আগবঢ়াইছে।