উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অট্টালিকা খহি পৰা ঘটনাত নিহত লোকৰ সংখ্যা ৮ লৈ বৃদ্ধি পাইছে। এই ঘটনাত অন্য ২৮ জন লোক আহত হৈছে আৰু আহতসকলক ভিন ভিন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কালি প্ৰাৰম্ভিক অৱস্থাত ৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু নিশাৰ ভাগলৈ উদ্ধাৰ অভিযানৰ সময়ত ধ্বংসস্তুপৰ মাজৰ পৰা আৰু ৩ টা মৃতদেহ উদ্ধাৰ হয়। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক সঁহাৰি বাহিনীৰ দলে আৰক্ষী আৰু প্ৰশাসনৰ সহায়ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ট্রান্সপোর্ট নগৰ এলেকাৰ হৰমিলাপ নামৰ এই ৩ মহলীয়া অট্টালিকাটো কালি বিয়লিৰ ভাগত খহি পৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে আৰু দুৰ্ঘটনাত নিহত প্ৰতিজন লোকৰ নিকটাত্মীয়লৈ দুই লাখ টকাকৈ এককালিন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। উত্তৰ প্ৰদেশ চৰকাৰে আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰিব।
Assamese | September 8, 2024 7:46 PM | Uttar Pradesh Building collapse
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অট্টালিকা খহি পৰা ঘটনাত নিহতৰ সংখ্যা ৮ লৈ বৃদ্ধি