বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী মিত্রজোট স্বজনতোষণ আৰু তুষ্টিকৰণ ৰাজনীতিত লিপ্ত হৈ অহা বুলি অভিযোগ তুলি বিৰোধী পক্ষক তীব্র সমালোচনা কৰিছে। উত্তৰ প্ৰদেশৰ আলিগড়ত আজি এখন নির্বাচনী সভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, দেশৰ পৰা দৰিদ্ৰতা দূৰীকৰণ আৰু দুর্নীতি তথা স্বজনতোষণৰ সমস্যাক পুলিয়ে পোখাই উৎখাত কৰাৰ এয়াই উত্তম সময়। কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীৰ দৰে দলসমূহে সদায়ে তুষ্টিকৰণৰ ৰাজনীতি কৰি আহিছে আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে একো কৰা নাই। বিজেপিয়ে দেশত সকলো ধৰণৰ উদ্যোগক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত অহৰহ কাম কৰি আছে বুলি মন্তব্য কৰি শ্ৰীমোদীয়ে ৰাষ্ট্ৰৰ উন্নয়নৰ হ’কে ভোটদানক অগ্ৰাধিকাৰ দিবলৈ নাগৰিকসকলৰ প্ৰতি আহ্বান জনায়। উল্লেখযোগ্য যে আলিগড় লোকসভা সমষ্টিত বিজেপিয়ে বৰ্তমানৰ সাংসদ সতিশ গৌতমক প্রার্থিত্ব দিয়াৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে চৌধুৰী বিজেন্দ্ৰ সিং আৰু বহুজন সমাজ পাৰ্টীয়ে হিতেন্দ্ৰ কুমাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
Assamese | April 22, 2024 7:58 PM
উত্তৰ প্ৰদেশৰ আলিগড়ত প্ৰধানমন্ত্ৰীৰ নির্বাচনী সভা