উত্তৰ প্ৰদেশৰ এটোৱা জিলাৰ আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱেত হোৱা পথ দুৰ্ঘটনাত ৭ জন লোক নিহত হোৱাৰ লগতে ৩৫ জন গুৰুতৰভাৱে আহত হয়। এটোৱা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে আকাশবাণীক জনোৱা মতে, ৰাইবেৰেলীৰ পৰা দিল্লী অভিমুখী নাগালেণ্ডৰ নম্বৰপ্লেট থকা ডাবল ডেকাৰ বাছখন যোৱা নিশা এক্সপ্ৰেছৱেটোৰ ১২৯ নম্বৰ চেনেলৰ সমীপত আন এখন বাহনৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ পিছতে নিয়ন্ত্রণ হেৰুৱাই পথৰ পৰা বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
Assamese | August 4, 2024 6:04 PM | Uttar Pradesh Bus accident
উত্তৰ প্ৰদেশৰ আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱেত সংঘটিত পথ দুৰ্ঘটনাত ৭ জন লোক নিহত