উত্তৰ পূৰ্বাঞ্চলৰ চহকী ঐতিহ্য আৰু বিচিত্ৰতা বিকশাই তোলাৰ বাবে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ আয়োজন কৰা হৈছে। আজি সামৰণি পৰিবলগীয়া ৩ দিনীয়া এই মহোৎসৱৰ মূল উদ্দেশ্য হৈছে অসম, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড আৰু চিকিমৰ সম্ভাৱনাসমূহ বিকশাই তোলা। এই মহোৎসৱত ২৫০গৰাকীৰো অধিক শিল্পীয়ে হস্তশিল্প, হস্ততাঁত, বস্ত্ৰ, উদ্যানশস্যৰ উপৰি ৩৪ বিধ ভৌগলিক সূচ্যাংক অর্থাৎ জি আই টেগ থকা সামগ্ৰী প্ৰদৰ্শন কৰিছে।
Assamese | December 8, 2024 5:54 PM | NE Festival New Delhi
উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্য আৰু বিচিত্ৰতা বিকশাই তোলাৰ বাবে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ সামৰণি