June 18, 2026 3:13 PM | sarbanandsonwal

printer

উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্রকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন সৰ্বাত্মক বৈঠকত উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্রকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

 বৈঠকত মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বিকশিত উত্তৰ-পূব আৰু বিকশিত ভাৰত নিৰ্মাণৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে যোগাযোগ, বাণিজ্য, পৰ্যটন আৰু জীৱিকা সুদৃঢ় কৰাৰ বাবে অঞ্চলটোৰ জলপথৰ ব্যাপক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ কৰিছে। 

তেওঁ লগতে লোথালত নিৰ্মাণ কৰিবলগীয়া ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে।