উত্তৰ-পূব দক্ষতা কেন্দ্ৰত দেশৰ লগতে বহিঃৰাষ্ট্ৰত নিযুক্তি লাভ কৰা প্রশিক্ষার্থীক নিয়োগ পত্র প্রদান কার্যসূচী সম্পন্ন

ৰাজ্য চৰকাৰ আৰু অসম দক্ষতা বিকাশ অভিযানৰ যৌথ পদক্ষেপ উত্তৰ-পূব দক্ষতা কেন্দ্ৰত আজি দেশৰ বিভিন্ন প্ৰান্তত তথা বহিঃৰাষ্ট্ৰত নিযুক্তি লাভ কৰা কেইবাগৰাকীও প্রশিক্ষার্থীক নিয়োগ-পত্র প্রদান কার্যসূচী অনুষ্ঠিত হয়।

ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

নির্বাচিত প্রার্থীসকলক শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে তেওঁলোকক ৰাজ্যৰ আত্মবিশ্বাস, দক্ষতা আৰু আন্তঃৰাষ্ট্ৰীয়ভাবে যোগ্যতা অর্জন কৰা নতুন যুৱচামৰ প্ৰতিনিধি আখ্যা দিয়ে। এই ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ যুৱচামক সবল কৰি তোলাৰ লগতে প্রতিভাসম্পন্ন প্রার্থীৰ ক্ষেত্ৰ হিচাপে ৰাজ্যখনক পৰিগণিত কৰিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।