উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত আজি পুৱা সংঘটিত এটা হেলিকপ্তাৰ দুৰ্ঘটনাত ছগৰাকী তীর্থযাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে আন এজন আহত হয়। তীর্থযাত্রীসকলক কঢ়িয়াই ডেৰাডুনৰ সহস্ৰধাৰা হেলিপেডৰ পৰা খাৰছালি হেলিপেড অভিমুখে গৈ থকা অৱস্থাত এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ হেলিকপ্তাৰখন গংগনানী এলেকাৰ ওচৰত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোৰ সময়ত হেলিকপ্তাৰখনত পাইলটগৰাকীকে ধৰি মুঠ সাতজন লোক আছিল। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।
Assamese | May 8, 2025 8:20 PM | helicopter crash
উত্তৰ কাশীত সংঘটিত হেলিকপ্তাৰ দুৰ্ঘটনাত ৬গৰাকী তীর্থযাত্ৰী নিহত