আজি উত্তৰ আমেৰিকাত পূর্ণগ্রাস সূৰ্য্যগ্রহণ হ’ব। প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা আৰম্ভ হ’বলগীয়া এই বিৰল মহাজাগতিক পৰিঘটনা মেক্সিকো, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ বাসিন্দাই প্ৰত্যক্ষ কৰাৰ সুযোগ পাব। ভাৰতীয় সময় অনুসৰি নিশা ৯ বাজি ১২ মিনিটৰ পৰা আৰম্ভ হ’বলগীয়া এই পূর্ণগ্রাস সূৰ্য্যগ্রহণ পুৱতি নিশা দুই বাজি ২২ মিনিটলৈকে থাকিব। মেক্সিকো, আমেৰিকা আৰু কানাডাৰ ১৮৫ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত এলেকাৰ আৱাসীসকলে পূর্ণগ্রাস সূর্যগ্রহণ প্রত্যক্ষ কৰাৰ সুযোগ পাব।
Assamese | April 8, 2024 6:27 PM
উত্তৰ আমেৰিকাত আজি পূর্ণগ্রাস সূৰ্য্যগ্রহণ