অক্ষয় তৃতীয়া উপলক্ষে আজি উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাৰ গংগোত্ৰী আৰু যমুনোত্ৰী মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ লগে লগে পবিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ হয়। বৈদিক মন্ত্ৰোচ্চাৰণ আৰু অন্য ৰীতি-নীতিৰ মাজেৰে দুয়োটা মন্দিৰৰ দ্বাৰ মুকলি কৰা হয়। গংগোত্ৰী আৰু যমুনোত্ৰী মন্দিৰত প্ৰাৰ্থনা জনোৱাৰ বাবে উত্তৰ কাশীলৈ দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ আগমন ঘটিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে অক্ষয় তৃতীয়া উপলক্ষে আজি দুয়োটা মন্দিৰতে পূজা-অৰ্চনা কৰে। ৰুদ্ৰ প্ৰয়াগ জিলাত অৱস্থিত কেডাৰনাথ মন্দিৰৰ দ্বাৰ শুকুৰবাৰে আৰু চাম’লী জিলাৰ বদ্রীনাথ ধামৰ দ্বাৰ দেওবাৰে খোলা হ’ব।
Assamese | April 30, 2025 7:32 PM | CHAR DHAM YATRA
উত্তৰাখণ্ডত আজি পৱিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ