উত্তৰবংগৰ গোৰ্খালেণ্ড আঞ্চলিক প্ৰশাসনৰ অন্তর্গত দার্জিলিং জিলাত কালিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত কুৰিজনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। একেৰাহে হৈ থকা প্ৰচণ্ড বৰষুণৰ ফলত মিৰিক, কাৰ্ছিয়ং, ৰংভাং, পুলবাজাৰ আদি এলেকা সমূলি জলবন্দী হৈ পৰাৰ লগতে পাহাৰীয়া জিলা কালিম্পং আৰু কাষৰীয়া বিভিন্ন এলেকাত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনে জনসাধাৰণলৈ বিপর্যয় কঢ়িয়াই আনিছে। তিস্তা নৈৰ পানী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰি যোৱাৰ ফলত যানবাহনৰ চলাচল ব্যাহত হৈ পৰিছে। শিলিগুৰিৰ সৈতে ছিকিমক সংযোগ কৰা ১০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো ভালেমান ঠাইত বন্ধ কৰি দিবলগীয়া হৈছে।
বৰষুণ আৰু ভূমিস্কলনৰ ফলত মিৰিক উপ সংমণ্ডলৰ বিভিন্ন ঠাইত ১৩ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ৪ জন লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে। দার্জিলিং উপ সংমণ্ডলৰ সুখীয়া পখী এলেকাত ৬ জন লোকৰ প্ৰাণ হানি হোৱাৰ লগতে আন এজন সন্ধানহীন হৈ আছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্রাকৃতিক দুৰ্যোগৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনাক লৈ গভীৰ শোক ব্যক্ত কৰিছে। তেওঁ এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।
Assamese | October 5, 2025 6:59 PM | Darjeeling-scaled | Heavy rain
উত্তৰবংগৰ দার্জিলিং জিলাত ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত কুৰিজনতকৈ অধিক লোকৰ প্ৰাণহানি