উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈ গৌতমবুদ্ধ নগৰত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। পাঁচ দিনীয়াকৈ হ’বলগীয়া এই বাণিজ্য প্রদর্শনী অহা ২৯ ছেপ্তেম্বৰত অন্ত পৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ বাণিজ্য আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব। এই প্ৰদৰ্শনীত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ভিয়েটনামকো বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে, উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ প্ৰথম সংস্কৰণ যোৱা বছৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উদ্বোধন কৰিছিল।
Assamese | September 24, 2024 11:52 AM | VP Visit
উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ কাইলৈ মুকলি কৰিব উপ-ৰাষ্ট্ৰপতিয়ে