উজনি অসমৰ বিভিন্ন ঠাইত যোৱা নিশা আৰু আজি পুৱাৰ ভাগত অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষয়-ক্ষতি কৰে। শিৱসাগৰৰ মগৰাঘাটত আজি পুৱাতে অহা ধুমুহাৰ ফলত ডেৰ শতাধিক পৰিয়ালৰ বাসগৃহৰ ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। জিলাখনৰ মগৰাঘাট, গায়নগাঁও, দোলাকাষৰীয়া, চাংমাইকে ধৰি ১০ খন গাঁৱত ধুমুহাৰ ফলত ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ধুমুহাত গছ উভালি পৰি বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি যোৱাৰ ফলত ঠায়ে ঠায়ে বিদ্যুৎ যোগান ব্যাহত হোৱাৰ উপৰি কোনো কোনো ঠাইত পথ যোগাযোগো সাময়িকভাৱে ব্যাহত হয়। ইপিনে, নগাঁও জিলাৰ কলিয়াবৰত শিল বৰষুণ আৰু ধুমুহাই জনসাধাৰণৰ ক্ষতি কৰা বুলি জানিব পৰা গৈছে। কলিয়াবৰৰ বামুণী আৰু শাকমুঠীয়া চাহ বাগিচা অঞ্চলত ভালেমান পৰিয়ালৰ ঘৰৰ চাল শিল বৰষুণত ফুটি যোৱাৰ লগত বাসগৃহৰ অন্যান্য অংশৰ ক্ষতি হৈছে। চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত যোৱানিশা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত গছ উভালি পৰাৰ লগতে বিদ্যুতৰ খুটা ভাগি পৰে। জিলাখনৰ সোণাৰি আৰু সাপেখাটি ৰাজহ চক্ৰৰ অধীনৰ প্ৰায় ১০ হাজাৰ লোকৰ বাসগৃহৰ ধুমুহাৰ ফলত ক্ষতি হয় বুলি বাতৰি পোৱা গৈছে। ইপিনে, সাপেখাটী, শালকাঠনি চাহ বাগিচাত সাৱিত্ৰী শৰ্মা নামৰ এগৰাকী মহিলাৰ ধুমুহাত আঘাতপ্ৰাপ্ত হোৱাৰ ফলত মৃত্যু হয়। গোলাঘাট জিলাত আজি ধুমুহাৰ ফলত গোলাঘাট, ফৰকাটিং, মৰঙী আদি অঞ্চলত ক্ষতি হয়। ধুমুহাই বাসগৃহৰ অনিষ্ট কৰাৰ লগতে গছ-গছনি উভালি পেলোৱা বুলি জানিব পৰা গৈছে।
Assamese | April 28, 2024 6:43 PM | Weather
উজনি অসমৰ বিভিন্ন ঠাইত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষয়-ক্ষতি