শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আজি বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগকে ধৰি শিক্ষা খণ্ডৰ কেইবাটাও বিভাগৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটৰ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি বৈঠকত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট প্রস্তাৱ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণ সন্দৰ্ভত বহুদিনীয়া বিবদমান বিষয়সমূহো বৈঠকত আলোচনা কৰে। তেওঁ কয়, যে এই ক্ষেত্ৰত বিভাগীয় মতামত শীঘ্ৰেই মন্ত্ৰীসভাৰ উপসমিতিলৈ প্ৰেৰণ কৰা হ’ব।
Assamese | February 3, 2025 7:44 PM | Dr Ranoj Pegu Meet
উচ্চ শিক্ষা বিভাগ, শিক্ষা খণ্ডৰ কেইবাটাও বিভাগৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক