উচ্চতম ন্যায়ালয়ে কাইলৈ নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব। এইসমূহৰ ভিতৰত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে জনোৱা আবেদনো অন্তৰ্ভুক্ত হৈ আছে। উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় তথা ন্যায়াধীশ জে বি পাড়িৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰ পীঠে এই সন্দৰ্ভত ২৬ খন আবেদনৰ শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে, শিক্ষাৰ্থীসকলে দাখিল কৰা এই আবেদনত নীট পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগৰ প্ৰসংগৰে পৃথক তথা সুকীয়া অনুসন্ধানৰ বাবে দাবী জনোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে এখন শপতনামা দাখিল কৰিছে। চৰকাৰে প্ৰকাশ কৰিছে যে নীট ইউ জি ২০২৪ ব্যাপক হাৰত কোনো অনিয়ম হোৱাৰ প্ৰমাণ নথকাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কোনো প্রয়োজন নাই। চৰকাৰে লগতে প্ৰকাশ কৰিছে যে, নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিলে কেইবালাখ পৰীক্ষাৰ্থীৰ জীৱনত প্ৰতিকূল প্ৰভাৱ পৰিব।
Assamese | July 7, 2024 8:23 PM | NEET-UG
উচ্চতম ন্যায়ালয়ত সোমবাৰে নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি