July 14, 2024 1:26 PM | wimblendon tennis

printer

উইম্বলডন টেনিছ প্রতিযোগিতাত আজি পুৰুষৰ ছিংগলৰ ফাইনেল

সাতবাৰৰ চেম্পিয়ন ন’ভাক জকভিচ আজি উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন কাৰ্লোৰ্ছ অল্‌কাৰাষ্ট্ৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ’ব। ইপিনে, মিক্সড ডাবলছৰ ফাইনেলত আজি পোলেণ্ডৰ জন জেলেনস্কি আৰু টাইৱানৰ ছুৱেই ছিহৰ যুটীটো মেক্সিকোৰ ছেণ্টিয়াগো গোঞ্জান্বেজ আৰু গুলীয়ানা আম্মোছৰ মুখামুখি হ’ব। ইফালে, চেক গণৰাজ্যৰ বাৰবোৰা ক্রাইজিকোভাই কালি ইটালীৰ জেছমিন পাঅ’লিনিক ৬-২, ২-৬, ৬-৪ ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰে।