উইম্বলডন জুনিয়ৰছত বিগত ৩৬ বছৰত ল’ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্রথমগৰাকী ভাৰতীয় হিচাপে অর্ণৱ পাপৰকাৰে ইতিহাস ৰচনা কৰিছে। ১৮ বছৰীয়া পাপৰকাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ৰাইয়’ টাবাতাক ৬-২, ৬-১ ছেটত পৰাস্ত কৰে। পাপৰকাৰে ইয়াৰ পূৰ্বৰ দুটা ৰাউণ্ডত গ্রেট ব্রিটেইনৰ জছোৱা ক্রেজ আৰু আমেৰিকাৰ কেটন হান্সেক পৰাস্ত কৰে। খেলুৱৈগৰাকী আজি কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ জর্ডান লিৰ বিৰুদ্ধে অৱতীর্ণ হ’ব। উল্লেখযোগ্য যে ১৯৫৪ চনত ৰামানাথন কৃষ্ণন, ১৯৭৯ চনত ৰমেশ কৃষ্ণন আৰু ১৯৯০ চনত লিয়েণ্ডাৰ পেজকে ধৰি কেৱল তিনিজন ভাৰতীয়ই উইম্বলডন জুনিয়ৰৰ ল’ৰাৰ ছিংগছলৰ খিতাপ জয় কৰিছে।
Assamese | July 9, 2026 12:12 PM | Wimbledon Juniors
উইম্বলডন জুনিয়ৰছত প্রথমগৰাকী ভাৰতীয় হিচাপে অর্ণৱ পাপৰকাৰৰ ইতিহাস ৰচনা