কেন্দ্ৰীয় চৰকাৰে ই-শ্ৰম পোৰ্টেলত ৩০ কোটি ৬৮ লাখৰো অধিক অসংগঠিত শ্রমিকে পঞ্জীয়ন কৰা বুলি প্ৰকাশ কৰিছে ৷ আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী সুশ্রী শোভা কাৰান্দলাজেই এই তথ্য প্ৰকাশ কৰি কয়, যে পঞ্জীয়নভুক্ত শ্ৰমিকসকলৰ ভিতৰত ৫৩ শতাংশতকৈ অধিক মহিলা শ্রমিক। কেইবাটাও কেন্দ্ৰীয় মন্ত্ৰালয় আৰু দপ্তৰৰ ১৩ খনকৈ আঁচনি ই -শ্ৰম পোৰ্টেলৰ সৈতে সংযোজিত হৈ থকা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই আঁচনিসমূহৰ ভিতৰত পি এম স্বনিধি, প্রধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্রধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা অন্যতম।
Assamese | March 10, 2025 9:12 PM | E-Shram Registration
ই-শ্ৰম পোৰ্টেলত ৩০ কোটি ৬৮ লাখৰো অধিক অসংগঠিত শ্রমিকৰ পঞ্জীয়ন : কেন্দ্ৰ