December 3, 2025 9:13 PM | Dr. Mansukh Mandaviya

printer

ইণ্ডিয়া এজ ২০২৫ শীর্ষ সন্মিলনত মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াৰ অংশগ্রহণ

দেশৰ প্রায় ৬৪ শতাংশ নাগৰিকে বর্তমান কমেও এটা প্ৰকাৰৰ হ’লেও সামাজিক সুৰক্ষা লাভ কৰিবলৈ সমৰ্থ হৈছে, যিয়ে ভাৰতক জনসাধাৰণৰ সামাজিক সুৰক্ষা প্ৰদান কৰা বিশ্বৰ দ্বিতীয় সর্ববৃহৎ দেশত পৰিণত কৰিছে। নতুন দিল্লীত আজি ইণ্ডিয়া এজ ২০২৫ শীর্ষ সন্মিলনত অংশগ্রহণ কৰি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই এনেদৰে প্ৰকাশ কৰে। ড০ মাণ্ডাভিয়াই পুৰণি শ্রম আইনক শক্তিশালী কৰি নতুন শ্রম সংহিতা হিচাপে বিশ্বমানত ফেৰ মাৰিব পৰাকৈ শ্রম আইনক সলনি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। প্রত্যক্ষ বিদেশী বিনিয়োগক আকৰ্ষণ কৰা, শ্ৰমিকসকলৰ কল্যাণ নিশ্চিত কৰা, সামাজিক সুৰক্ষা শক্তিশালী কৰা আৰু উদ্যোগ-শ্ৰমৰ সামঞ্জস্য বৃদ্ধিৰ হকে এই সংস্কাৰ সাধন কৰা হৈছে বুলি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ড০ মাণ্ডাভিয়াই লগতে কয় যে নতুন শ্রম সংহিতাত বহুবোৰ শ্রমিক হিতৈষী ব্যৱস্থা অন্তর্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত বাধ্যতামূলক নিযুক্তিপত্র, মহিলাৰ বাবে সম-বেতনৰ ব্যৱস্থা, ৪০ বছৰ উৰ্ধৰ শ্ৰমিকৰ বাবে বছেৰেকীয়া স্বাস্থ্য পৰীক্ষা, সংহত পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰৰ ব্যৱস্থা আদি সামৰি লোৱা হৈছে। নতুন শ্রম সংহিতাত মহিলাসকলৰ কল্যাণৰ বিষয়টো বিশেষ অগ্রাধিকাৰ দিয়া হৈছে বুলি ড০ মাণ্ডাভিয়াই প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।