ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ আজি নতুন দিল্লীৰ জৱাহৰলাল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাৱ এফ চি- কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হৈছে। প্ৰতিযোগিতাৰ লীগ পৰ্যায়ত এতিয়ালৈকে দুয়োটা দল ৩ বাৰকৈ মুখামুখি হৈছে। ইয়াৰ ভিতৰত পাঞ্জাৱ এফ চিয়ে দুখনত আৰু কেৰালা ব্লাষ্টাৰ্ছে এখনত জয়লাভ কৰে। পাঞ্জাৱ এফ চিয়ে ১২ খন খেলৰ পৰা ১৮ পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত অষ্টম স্থান আৰু কেৰালা ব্লাষ্টাৰ্ছে ১৪ খন খেলৰ পৰা ১৪ পইণ্ট লাভ কৰি দশম স্থানত আছে। ২০২৪-২৫ বৰ্ষৰ আই এছ এল ফুটবল প্রতিযোগিতাত ১৩ টা দলে অংশগ্রহণ কৰিছে । অহা ১২ মাৰ্চত লীগ পৰ্যায়ৰ খেলসমূহ অন্ত পৰিব। প্লে অফ পৰ্যায়ৰ খেলসমূহৰ দিন পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব।
Assamese | January 5, 2025 8:50 PM | ISL
ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্রতিযোগিতাত পাঞ্জাৱ এফ চি- কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি