গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে আজি ইজৰাইল আৰু হামাচৰ মাজৰ সংঘৰ্ষত ৫০ হাজাৰৰো অধিক পেলেষ্টাইনী লোক নিহত হোৱা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে সদৰি কৰি ১ লাখ ১৩ হাজাৰতকৈ অধিক লোক এই সংঘৰ্ষত আহত হৈছে। বিগত সপ্তাহত ইজৰাইলে অকস্মাত বিমান আক্রমণ আৰম্ভ কৰি যুদ্ধ বিৰতিৰ অন্ত পেলোৱাৰ পাছত নিহত হোৱা ৬৭৩ গৰাকী লোককো ইয়াত সামৰি লোৱা হৈছে বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে। মন্ত্ৰ্যালয়ে অসামৰিক লোক তথা যুঁজাৰুসকলৰ পৃথক তথ্য প্রকাশ কৰা নাই ।
Assamese | March 23, 2025 8:15 PM | israel hamas war
ইজৰাইল আৰু হামাচৰ সংঘৰ্ষত ৫০ হাজাৰৰো অধিক পেলেষ্টাইনী লোক নিহত হোৱা বুলি প্ৰকাশ