ইজিপ্তৰ কাইৰোত অনুষ্ঠিত বিশ্ব খশ্বুটিং প্রতিযোগিতাত ভাৰতৰ উদ্ধবীৰ সিন্ধুৱে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত সোণৰ পদক দখল কৰে। ২৪ বছৰীয়া শ্বুটাৰগৰাকীয়ে ২৪০ দশমিক ৬ পইন্ট সংগ্ৰহ কৰি জাৰ্মানীৰ ক্রিষ্টিয়ান ৰাইজক পইন্ট ফাইভ ব্যৱধানত পৰাস্ত কৰে। জার্মানীৰ খেলুৱৈগৰাকীয়ে ইতিপূর্বে অলিম্পিকৰ কেইবাটাও পদক জয় কৰিছে। অহা ১৬ অক্টোবৰলৈকে চলিবলগীয়া এই প্রতিযোগিতাত ভাৰতৰ ২৪জনীয়া দলটোৰ ভিতৰত অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী স্বপ্নীল সুৰেশ কুশাল আৰু সৰবজ্যোৎ সিঙো আছে।
Assamese | October 11, 2026 8:27 PM | shooting
ইজিপ্তৰ কাইৰোত হোৱা বিশ্ব শ্বুটিং প্রতিযোগিতাত ভাৰতৰ উদ্ধবীৰ সিন্ধুৰ সোণৰ পদক