ইউৰোপীয় সংঘৰ ২৭ খন সদস্য ৰাষ্ট্ৰই ইয়াৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা প্রকাশ কৰিছে।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰি কয়, যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে আনুষ্ঠানিক পত্ৰ লাভ কৰিছে। ব্ৰিটিছ ৰাষ্টদূত হার্ভে ডেফলিনে ৰাজ্যৰ মুখ্যসচিব ড° ৰবি কোটাক পত্রযোগে কালিৰে পৰা এই প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি জনাইছে।