July 19, 2024 7:51 PM | PM Congrasulations

printer

ইউৰোপীয় আয়োগৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱাউচুলা-বন ডেৰ লেএনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউৰোপীয় আয়োগৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱা বাবে উচুলা-বন ডেৰ লেএনক অভিনন্দন জনাইছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ বিশ্বৰ ভালৰ বাবে কৌশলগত সহযোগিতা সুদৃঢ় কৰা উদ্দেশে একেলগে কাম কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে। ইউৰোপীয় আয়োগৰ অধ্যক্ষ হিচাপে এয়া ৱ’ন ডেৰ লেএনৰ দ্বিতীয় কার্যকাল হ’ব।