নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ কার্যবাহীসকলে বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে আদৰণি জনায়। উল্লেখযোগ্য যে ইউনেস্ক’ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতত এই বৈঠক অনুষ্ঠিত হ’ব। অহা ২১ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই বৈঠকৰ কাৰণে ভাৰতৰ হৈ ৰাষ্ট্রদূত বিশাল শৰ্মাক অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছে। এই বৈঠকত অসমৰ বাবে তাৎপর্যপূর্ণভাৱে চৰাইদেউৰ মৈদাম ক্ষেত্ৰসমূহ বিশ্ব ঐতিহ্যৰ তালিকাত স্থান লাভৰ বাবে ভাৰতৰ পৰা মনোনয়ন কৰা হৈছে।
Assamese | July 14, 2024 7:59 PM | World Heritage Committee
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে অসম চৰকাৰৰ আদৰণি