July 5, 2026 11:19 AM | india-england t20

printer

ইংলেণ্ডে পাঁচখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৪ উইকেটত পৰাস্ত কৰে

ইংলেন্ডে যোৱানিশা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত ৫ খনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৪ উইকেটত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে ১৯১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত ৬টা উইকেট হেৰুৱাই নির্ধাৰিত লক্ষ্যত উপনীত হয়।

ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৯০ ৰান কৰে। জেক’ব বেথেলক প্লেয়াৰ অব দ্যা মেছ হিচাপে ঘোষণা কৰা হয়। ভাৰত আৰু ইংলেণ্ডৰ মাজত নটিংহামত মঙলবাৰে শৃংখলাৰ তৃতীয়খন খেল অনুষ্ঠিত হ’ব।

ইয়াৰ আগেয়ে বৈভৱ সূৰ্যবংশীয়ে ভাৰতৰ হকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰা কণিষ্ঠতম খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰে। বৈভক সূর্যবংশীয়ে ১৫ বছৰ আৰু ৯৯ দিন বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰে আৰু শচীন তেণ্ডুলকাৰৰ পুৰণি অভিলেখ ভংগ কৰে। তেণ্ডুলকাৰে ১৬ বছৰ আৰু ২০৫ দিন বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল।