প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগালে যুৱ-যুৱতীসকলক জড়িত কৰা আৰু চহৰ অঞ্চলতো ৰেডিঅ’ৰ প্ৰচাৰ সম্প্ৰসাৰণ কৰাত গুৰুত্ব আৰোপ কৰে। শ্ৰী ছেহগালে আজি গুজৰাটৰ আহমেদাবাদত থকা আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন কৰি এই দৰে কয়। শ্ৰী ছেহগালে কেন্দ্ৰটোৰ ষ্টুডিঅ’, বাতৰি আৰু অনুষ্ঠান বিভাগৰ কাৰ্যকলাপৰ পৰ্যালোচনা কৰে। অধ্যক্ষ শ্রী ছেহগালে এফ এম নেটৱৰ্কৰ সম্প্ৰসাৰণৰ জৰিয়তে ডিজিটেল ফুট প্ৰিণ্ট বৃদ্ধি কৰি প্ৰচাৰ ভাৰতীৰ সম্প্ৰসাৰণ কৰা প্ৰচেষ্টাক আলোকপাত কৰে। তেওঁ কেন্দ্ৰটোৰ বিষয়াসকলক যুৱক আৰু মহিলাসকলক সামৰি লোৱা উদ্ভাৱনী মূলক কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।
Assamese | February 27, 2025 8:24 PM | Navneet Sehgal
আহমেদাবাদৰ আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগালৰ