ভাৰতীয় বায়ু সেনাৰ এটা দলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কাৰ এইলচন বায়ু সেনা ঘাটিত আয়োজন কৰা ৰেড ফ্লেগ ২০২৪ শীৰ্ষক অনুশীলনত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আমেৰিকা বায়ু সেনাই বছৰত ৪ বাৰকৈ আকাশী যুদ্ধ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। এই অনুশীলনত ভাৰতীয় বায়ু সেনাৰ লগতে ছিংগাপুৰ, যুক্তৰাষ্ট্ৰ, নেডাৰলেণ্ড আৰু জাৰ্মান বায়ু সেনাই অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত ভাৰতীয় বায়ু সেনাৰ দলটোৱে ৰাফেল বিমান আৰু বিমান কর্মী, অভিযন্তা, নিয়ন্ত্ৰক আৰু আন বিষয়ৰ বিশেষজ্ঞৰে গঠিত এটা দলৰ সৈতে অংশগ্ৰহণ কৰে। যোৱা ৪ জুনৰ পৰা ১০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচী ১৪ জুনত সামৰণি পৰে।
Assamese | June 16, 2024 7:14 PM | Indian Air Force
আলাস্কাৰ এইলচন বায়ু সেনা ঘাটিত ৰেড ফ্লেগ ২০২৪ শীৰ্ষক অনুশীলনত ভাৰতীয় বায়ু সেনাৰ অংশগ্ৰহণ