আয়ুষ্মান বৃদ্ধ বন্দনা কার্ড প্ৰৱৰ্তনৰ তিনি সপ্তাহৰ ভিতৰত ১০ লাখৰো অধিক জ্যেষ্ঠ নাগৰিকে এই কাৰ্ডৰ বাবে নাম পঞ্জীয়ন কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আয়ুষ্মান বৃদ্ধ বন্দনা কাৰ্ডৰ বাবে নাম পঞ্জীয়ন কৰাসকলৰ ভিতৰত প্ৰায় ৪ লাখ মহিলা আছে। ইয়াৰ ফলত ১৪০০ গৰাকী মহিলাসহ ৭০ বছৰ আৰু ইয়াৰ ঊৰ্ধৰ ৪,৮০০ গৰাকীৰো অধিক জ্যেষ্ঠ নাগৰিক উপকৃত হ’ব। এই কাৰ্ডৰ জৰিয়তে প্রধানমন্ত্রী আয়ুষ্মান ভাৰত মিছনৰ অধীনত বিনামূলীয়া স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিব পৰা যায়।
Assamese | November 17, 2024 11:35 AM
আয়ুষ্মান বৃদ্ধ বন্দনা কার্ড প্ৰৱৰ্তনৰ তিনি সপ্তাহৰ ভিতৰত ১০ লাখৰো অধিক নাম পঞ্জীয়ন