আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি জে ডি ভান্সে ২১ এপ্ৰিলত চাৰিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত কয়, যে উপ ৰাষ্ট্ৰপতি ভান্সৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ হ’ব। এই ভ্ৰমণত তেওঁ অহা সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকী আৰু তেওঁ প্ৰতিনিধি দলে দিল্লীত অন্য কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে জয়পুৰ আৰু আগ্রাও ভ্ৰমণ কৰিব। এই ভ্রমণে দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি আৰু প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ১৩ ফেব্ৰুৱাৰীত আমেৰিকা ভ্ৰমণৰ সময়ত জাৰি কৰা ভাৰত-আমেৰিকা যৌথ বিবৃতিৰ ফলাফলসমূহৰ ৰূপায়ণৰ ওপৰত দুয়ো পক্ষকে পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰিব। দুয়োপক্ষই পাৰস্পৰিক স্বার্থজনিত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰিব।
Assamese | April 17, 2025 10:14 AM | American Vice President India Visit
আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সৰ চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ