আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাই বাংলাদেশৰ সৈতে সকলো ধৰণৰ সাহায্য কাৰ্যসূচী সাময়িকভাৱে বন্ধ কৰিছে। বাংলাদেশৰ সকলো অংশীদাৰলৈ এই সন্দৰ্ভত কালি এখন পত্ৰ প্ৰেৰণ কৰি সংস্থাটোৱে দেশখনৰ সৈতে চুক্তিভিত্তিক, কামৰ নিৰ্দেশ, অনুদান, সমবায় ভিত্তিক চুক্তি বা অন্য সাহায্য প্রদানকাৰী মাধ্যমেৰে সাহায্য প্রদান ব্যৱস্থা স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে। ইয়াৰ আগেয়ে যোৱা শুকুৰবাৰে আমেৰিকাই জৰুৰীকালীন অৱস্থাত খাদ্য যোগান আৰু ইজৰাইল আৰু ইজিপ্তত সামৰিক বাহিনীৰ বাবে বিত্ত যোগানৰ বাহিৰে অন্য সকলো বিদেশী সাহায্য প্রদান ব্যৱস্থা স্থগিত ৰখাৰ বিষয়ে ভার্চুৱেলী ঘোষণা কৰিছিল। ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ বৈদেশিক নীতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি আমেৰিকাৰ বৈদেশিক সাহায্য প্রদান ব্যৱস্থাৰ পুনৰ মূল্যায়ন আৰু সমন্বয় সাধনৰ অংশ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই আকস্মিক সিদ্ধান্তই বাংলাদেশত থকা আমেৰিকাৰ সাহায্যপ্রাপ্ত অনা-চৰকাৰী সংস্থাসমূহৰ লগতে বিভিন্ন প্ৰকল্পৰ অংশীদাৰসকলৰ মাজতো উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।
Assamese | January 26, 2025 8:47 PM | USA-Bangladesh
আমেৰিকা যুক্তৰাষ্ট্ৰই বাংলাদেশৰ সৈতে সকলো ধৰণৰ সাহায্য কাৰ্যসূচী সাময়িকভাৱে বন্ধ কৰিছে