আজি ৬ আগষ্ট। ৮০ বছৰ পূৰ্বে আজিৰ তাৰিখত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা চহৰত পাৰমানৱিক বোমা বিস্ফোৰণ ঘটোৱাৰ ফলত মুহূৰ্ততে প্রায় ৭৮ হাজাৰ লোকৰ মৃত্যু ঘটিছিল আৰু পৰৱৰ্তী পৰ্যায়ত কেইবালাখো লোকৰ মৃত্যু হোৱাৰ লগতে বৃহত সংখ্যক লোক ঘূণীয়া হৈছিল। ইয়াৰ তিনিদিন পাছত জাপানৰ নাগাচাকি চহৰতো আমেৰিকাই দ্বিতীয়টো পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটাইছিল। ইয়াতো কেইবা হাজাৰো লোকৰ প্রাণহানি হৈছিল। মানৱ জাতিক স্তম্ভিত কৰা এই পাৰমাণৱিক বোমাৰ ভয়াৱহতাৰ পৰা ভৱিষ্যতে মানৱ জাতিক ৰক্ষা কৰাৰ বাবে বিশ্বজুৰি আজিৰ দিনটো হিৰোশ্বিমা দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে আজি পুৱা হিৰোশ্বিমা চহৰত আয়োজিত অনুষ্ঠানত বিশ্বৰ ১২০ দেশৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ আৰু সম্পূৰ্ণ পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ বাবে আহ্বান জনায়।
Assamese | August 6, 2025 7:50 PM | Hiroshima Day
আমেৰিকা যুক্তৰাষ্ট্ৰই ঘটোৱা জাপানৰ হিৰোশ্বিমা চহৰত পাৰমানৱিক বোমা বিস্ফোৰণৰ ৮০ বছৰ