আকাশবাণীযোগে প্ৰচাৰিত অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত অনুষ্ঠানত কালি কেবাগৰাকীও আবৃত্তিকাৰে আবৃত্তিক বিদ্যায়তনিক দিশত তথা পৰিবেশ্য কলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে আলোকপাত কৰে। অনুষ্ঠানত বিশিষ্ট আবৃত্তিকাৰ, শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ বিনীতা বৰা দেৱচৌধুৰী আৰু বিশিষ্টা আবৃত্তিকাৰ জুলিয়ানা বেগমে আবৃত্তিয়ে কিদৰে ধ্ৰুপদী অসমীয়া ভাষাৰ মৰ্যাদা অক্ষুন্ন ৰাখিব সেই বিষয়ে প্ৰকাশ কৰে। আবৃত্তিকাৰ জুলিয়ানা বেগমে অসমীয়া ভাষা কোনো গুণে কম নহয় বুলি উল্লেখ কৰি এই ভাষাৰ মাধ্যমত আবৃত্তিৰ উমৈহতীয়া পাঠ্যক্ৰম প্ৰস্তুত কৰা উচিত বুলি মন্তব্য কৰে।
অধ্যাপিকা ড০ বিনীতা বৰা দেবচৌধুৰীয়ে আবৃত্তিক বিদ্যায়তনিকভাৱে চৰ্চা কৰাৰ লগতে পৰিবেশ্য কলা হিচাপে ইয়াৰ জৰিয়তে স্ব-নিয়োজনৰ বাট মুকলি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷
অনুষ্ঠানত ড০ অমৰজ্যোতি চৌধুৰীয়ে আবৃত্তিৰ বিশ্বজনীন ধাৰাৰ লগতে অসমীয়া আবৃত্তিৰ স্বকীয় ধাৰা এটা অব্যাহত ৰখাত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত চৰকাৰ আৰু ৰাইজক একত্ৰিত হৈ কাম কৰিবলৈ তেওঁ আহ্বান জনায়।
Assamese | May 4, 2025 12:19 PM | dristipat air guwahati
আবৃত্তিৰ বিশ্বজনীন ধাৰাৰ লগতে অসমীয়া আবৃত্তিৰ স্বকীয় ধাৰা এটা অব্যাহত ৰখাত শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীৰ গুৰুত্ব আৰোপ