June 30, 2026 7:51 PM | pakishthan

printer

আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণত ৩৬ গৰাকী অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে ১৬৩ গৰাকী লোক আহত

ৰাষ্ট্ৰসংঘৰ আফগানিস্তানৰ স্থায়ী প্রতিনিধিগৰাকীয়ে আফগানিস্তানৰ পাকটিয়া, পাখটিয়া আৰু কুনাৰ অঞ্চলত পাকিস্তানৰ বিমান আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। এই আক্ৰমণত শিশু আৰু মহিলাকে ধৰি ৩৬ গৰাকী অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে ১৬৩ গৰাকী লোক আহত হৈছে। আন্তঃৰাষ্ট্ৰীয় আইন উলংঘাৰ অভিযোগ তুলি প্রতিনিধিগৰাকীয়ে পাকিস্তানক তাৎক্ষণিকভাৱে এই আক্ৰমণ বন্ধ ৰাখিবলৈ আহ্বান জনাইছে। তালিবানৰ উপ-মুখপাত্র হাম্‌দুল্লা ফিত্ৰতে এটা বিজ্ঞপ্তিযোগে জানিবলৈ দিছে যে, ২৮ জুনৰ নিশা পাকিস্তানে দেশখনত বিমান আক্রমণ চলায়। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনীও গুটাৰেছে উভয় দেশকে তাৎক্ষণিকভাৱে সংঘাত বন্ধ কৰি অসামৰিক লোকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ আহ্বান জনাইছে।