নির্বাচন আয়োগে ভোটগ্ৰহণৰ দিনা আৰু ইয়াৰ এদিন পূৰ্বে ৰাজ্যিক বা জিলা পৰ্যায়ৰ মিডিয়া চার্টিফিকেশ্বন এণ্ড ম’নিটৰিং কমিটীৰ আগতীয়া অনুমতি অবিহনে ৰাজনৈতিক দল, প্রার্থী, সংগঠন বা কোনো ব্যক্তিৰ দ্বাৰা ছপা মাধ্যমত বিজ্ঞাপন প্রকাশত বাধা আৰোপ কৰিছে। ভোটগ্ৰহণৰ ঠিক আগমুহূৰ্তত প্ৰকাশ পোৱা বিভ্ৰান্তিকৰ অথবা আপত্তিজনক বিজ্ঞাপনে ক্ষতিগ্রস্ত কৰা পক্ষই আত্মপক্ষ সমর্থনৰ কাৰণে কোনো সময় বা সুযোগ নোপোৱাৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে এই স্থিতি গ্ৰহণ কৰিছে। সংবিধানৰ ৩২৪ নম্বৰ অনুচ্ছেদৰ অধীনত প্রদত্ত ক্ষমতাৰ প্রয়োগেৰে এনে যিকোনো প্ৰকাৰৰ আপত্তিজনক বিজ্ঞাপন প্ৰকাশৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে আয়োগে এই নিৰ্দেশ জাৰি কৰিছে।
Assamese | April 20, 2024 6:47 PM
আপত্তিজনক বিজ্ঞাপন প্ৰকাশৰ ঘটনা প্ৰতিৰোধ বাবে নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা জাৰি