আন্তঃসেৱা সংস্থা কমাণ্ড, নিয়ন্ত্ৰণ আৰু অনুশাসন আইন অধিসূচিত কৰা হৈছে। আন্তঃসেৱা সংস্থাৰ ফলপ্ৰসূ কমাণ্ড নিয়ন্ত্ৰণ আৰু দক্ষ কাম-কাজৰ উদ্দেশ্যে যোৱা বছৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত সংসদৰ উভয় সদনে বিধেয়কখন গ্ৰহণ কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে, এই আইনখনে আন্তঃসেৱা সংস্থাৰ কমাণ্ডাৰ ইন চীফ আৰু অফিচাৰ ইন কমাণ্ডক অনুশাসন আৰু প্ৰশাসন বৰ্তাই ৰখাৰ বাবে সেৱা কৰ্মীসকলক নিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰিছে। আইনখনে আন্তঃসেৱা সংস্থাৰ মুৰব্ৰীসকলক সৱল কৰি তুলিব। ইয়াৰ ফলত বিষয়সমূহৰ তাৎক্ষণিক নিষ্পত্তি সম্ভৱ হৈ উঠিব আৰু প্ৰক্ৰিয়াও সৰল হৈ পৰিব। মন্ত্ৰ্যালয়ে কৈছে যে, ইয়াৰ ফলত সশস্ত্র বাহিনীৰ কৰ্মীসকলৰ মাজত সমন্বয় আৰু একতা বৃদ্ধি পাব।
Assamese | May 10, 2024 8:05 PM | New Inter-Services Organisations Act
আন্তঃসেৱা সংস্থা কমাণ্ড, নিয়ন্ত্ৰণ আৰু অনুশাসন আইন অধিসূচিত