আজি মহালয়া। মহালয়াৰ পৱিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগেই পিতৃ পক্ষৰ সমাপ্তি ঘটি দেৱী পক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈল্যপুত্ৰীৰ ৰূপত পূজা দি শাৰদীয় দুর্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হ’ব। এইবাৰ দেৱীয়ে হস্তীত আগমন কৰিব আৰু ঘোঁৰাৰে গমন কৰিব। মহালয়া উপলক্ষে পিতৃ পুৰুষৰ শ্ৰাদ্ধ পাৰ্বন আদি কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নৈ, জান-জুৰি ঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে মহালয়াৰ পৱিত্ৰ ক্ষণত শ্ৰাদ্ধ আগবঢ়ায়। উল্লেখযোগ্য যে প্ৰতিবছৰে উজনি অসমৰ যোৰহাটকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত মহালয়া উপলক্ষে পুৱাতে সমদল উলিওৱা হয় যদিও এইবাৰ জনতাৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত সকলো স্থবিৰ হৈ পৰে। যোৰহাট, শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শাৰদীয় দুর্গা পূজা সমিতিসমূহে মহালয়াৰ প্রভাতফেৰী আৰু শোভাযাত্রা বাতিল কৰে। প্ৰতি শৰতৰ প্রভাতক গীতেৰে সম্ভাষণ জনোৱা জনগণৰ আপোন শিল্পীগৰাকীৰ বিয়োগে এইবাৰ শাৰদীয় পূজাৰ পৰিবেশে ম্লান কৰি তুলিছে।
Assamese | September 21, 2025 7:33 PM | Mahalaya
আজি মহালয়া