আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্রস্তাবিত তিনিদিনীয়া বেংক ধর্মঘট কাৰ্যসূচী স্থগিত ৰখা হৈছে। সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে ধর্মঘট স্থগিতকৰণৰ বিষয়ে নিশ্চিত কৰিছে। ভাৰতীয় বেংক সংগঠন-আই বি এ-ৰ সৈতে হোৱা এখন চুক্তি অনুসৰি এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে কৈছে যে যোৱা নিশা ধর্মঘট পালনৰ বিভিন্ন কাৰণ সন্দৰ্ভত ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নৰ সৈতে হোৱা এখন বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Assamese | September 28, 2026 12:44 PM | Bank Strike
আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্রস্তাবিত তিনিদিনীয়া বেংক ধর্মঘট কাৰ্যসূচী স্থগিত