উত্তৰ প্ৰদেশ চৰকাৰে প্ৰয়াগৰাজৰ সমগ্ৰ মহাকুম্ভ এলেকা আজিৰে পৰা যান-বাহন মুক্ত অঞ্চলৰূপে ঘোষণা কৰিছে। অহা ২৯ জানুৱাৰীত হ’বলগীয়া মৌনি অমাৱস্যা উপলক্ষে সাম্ভাব্য জনসমাগম নিয়ন্ত্ৰণ কৰাৰ লগতে সু-পৰিচালনা নিশ্চিত কৰাৰ উদ্দেশ্যে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সংহত নিয়ন্ত্ৰণ আৰু নিৰ্দেশ কেন্দ্ৰই পৰিস্থিতি নিৰীক্ষণ কৰিব যাতে অঞ্চলটোত অতিৰিক্ত জনসমাগম নহয়। যিকোনো জৰুৰীকালীন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দ্রুত সঁহাৰি দলকো নিয়োজিত কৰা হ’ব।
Assamese | January 27, 2025 2:08 PM | Kumbh Mela | Mahakumbh 2025 | Prayagraj
আজিৰে পৰা মহাকুম্ভ এলেকা যান-বাহন মুক্ত অঞ্চলৰূপে ঘোষণা