July 2, 2026 11:41 AM | gas cylinder price

printer

আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১৮৩ টকাকৈ হ্ৰাস

চৰকাৰী খণ্ডৰ তৈল প্রতিষ্ঠানসমূহে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১৮৩ টকাকৈ হ্ৰাস কৰিছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। আজি মূল্য হ্ৰাস পোৱাৰ পাছত ৰাজধানী দিল্লীত পূৰ্বে ৩ হাজাৰ ১১৩ টকাত লাভ কৰা বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ২ হাজাৰ ৯৩০ টকালৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ  পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইবাবাৰো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ পাছত আজি প্ৰথমবাৰৰ বাবে হ্ৰাস কৰা হৈছে।