সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজিৰে পৰা অহা ৫ নৱেম্বৰলৈকে প্ৰথম আমগুৰি গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। সদৌ অসম পুথি প্রকাশন সংস্থাৰ সহযোগত আয়োজিত এই গ্রন্থমেলা অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু, শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰা, নাজিৰা আৰু শিৱসাগৰৰ বিধায়কদ্বয় ক্ৰমে ময়ূৰ বৰগোহাঁই আৰু অখিল গগৈ উপস্থিত থাকিব। গ্রন্থমেলাৰ সৈতে সংগতি ৰাখি চিত্ৰাংকন, কুইজ, তর্ক, কবিতা আবৃত্তি আদি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।
Assamese | October 29, 2026 12:15 PM | Amguri book fair
আজিৰে পৰা অহা ৫ নৱেম্বৰলৈকে প্ৰথম আমগুৰি গ্ৰন্থমেলাৰ আয়োজন