আজিৰে পৰা অফলামুখ-নিমাতীঘাটৰ মাজত চলাচল কৰা সকলোধৰণৰ ফেৰী সেৱা সাময়িকভাৱে বন্ধ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ-নিমাতীঘাটৰ মাজত চলাচল কৰা ৰ’পেক্স জাহাজ সেৱাকে ধৰি সকলোধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ থাকিব। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই এই কথা প্রকাশ কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ থাকিব।

ইফালে, কমলাবাৰী-নিমাতী ঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও ছাত্ৰ-ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ অর্থে আজি পুৱা ৯ বজাত প্ৰথমখন ফেৰীয়ে যাতায়াত আৰম্ভ কৰে। ফেৰীঘাটটোৰে আগবেলা আৰু পাছবেলা দুখনকৈ ফেৰীৰ চলাচল অব্যাহত থাকিব বুলি ঘাটটোৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে। অৱশ্যে ঘাটটোত পানীৰ স্তৰ বৃদ্ধি পালে যিকোনো মুহূৰ্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।