সীমান্ত সুৰক্ষা বাহিনীয়ে পাঞ্জাব ফ্ৰণ্টিয়াৰকে ধৰি ভাৰত-পাকিস্তান সীমান্তৰ তিনিওটা যুটিয়া তালাচী চকীত আজিৰেপৰা ৰিতি সমাৰোহ পুনৰ আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে। বি এছ এফৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজিৰ এই সমাৰোহ কেৱল সংবাদকর্মীসকলৰ বাবেহে খোলা থাকিব আৰু কাইলৈৰ পৰা জনসাধাৰণে এই ৰিট্ৰিট সমাৰোহ প্ৰত্যক্ষ কৰিব পাৰিব। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদী আন্তঃগাঁথনি বিনাশ কৰাৰ বাবে ভাৰতে চলোৱা অপাৰেচন সিন্দুৰৰ এদিন পাছতে যোৱা ৮ মে’ত আটাৰী, হুছেইনীৱালা আৰু চাদকি তালাচী চকীৰ ৰিট্ৰিট সমাৰোহ জনসাধাৰণৰ বাবে বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে দুয়োখন দেশৰ মাজৰ ভাৰতৰ ফালৰ দুৱাৰ বন্ধ থাকিব বুলি বি এছ এফে প্ৰকাশ কৰিছে। নিয়মীয়া পৰম্পৰা অনুসৰি সূৰ্যাস্তৰ পাছত ৰাষ্ট্ৰীয় পতাকা অৱনমিত কৰাৰ পাছত পাকিস্তান ৰেঞ্জাৰ আৰু ভাৰতীয় গার্ড কমাণ্ডাৰৰ মাজত কৰমদন কৰা নহয়। একেদৰে সীমান্তৰ দুয়োপাৰৰ খেতি-পথাৰত কৰ্মৰত কৃষকসকলক কঠোৰ নীতি-নিয়মৰ মাজত খেতিত কাম কৰাৰ অনুমতি দিয়া হৈছে। বি এছ এফৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি সুৰক্ষা বাহিনীৰ বিষয়াসকলে বিভিন্ন খণ্ডৰ কৃষকসকলৰ সৈতে আলোচনা কৰি এনে মাটিত কৃষিকার্যৰ বাবে আগ্ৰহীসকলক কঠোৰ নিৰীক্ষণৰ মাজত নিৰ্ধাৰিত সময়ৰ বাবে কাম কৰিবলৈ অনুমতি দিয়ে।
Assamese | May 20, 2025 8:49 PM | India Pakistan Border | India VS pakistan | Retreat Ceremony
আজিৰেপৰা সীমান্ত সুৰক্ষা বাহিনীয়ে পাঞ্জাব ফ্ৰণ্টিয়াৰকে ধৰি ভাৰত-পাকিস্তান সীমান্তৰ তিনিওটা যুটিয়া তালাচী চকীত ৰিট্ৰিট সমাৰোহ পুনৰ আৰম্ভ হ’ব