আজাৰবাইজানত বাকুত চলি থকা ১৭ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপত ছোৱালীৰ মল্লযুদ্ধত নিকিতা শ্বেৰাৱাৰ্টে ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে কামনা বাদল আৰু গৰিমাই ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ ৫৭ কিলোগ্ৰাম শাখাত নিকিতাই ইউ এছ এৰ এপেনেছা এলিছনক ০- ৬ৰ ব্যৱধানত পৰাস্ত কৰি ৰূপৰ পদক অৰ্জন কৰে। ৪৯ কিলোগ্রাম শাখাত কামনা বাদলে ৰাছিয়াৰ ইৰিনা টি ছিডেভাক ৩-২ৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে ৭৩ কিলোগ্রাম শাখাত গৰিমাই স্পেইনৰ বেনেক্সিয়া পেৰেজক পৰাস্ত কৰে ।
Assamese | July 31, 2026 12:33 PM | world wrestling
আজাৰবাইজানত বাকুত চলি থকা ১৭ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপত নিকিতা শ্বেৰাৱাৰ্টে ৰূপৰ পদক লাভ