বিদেশ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে আজি কৈছে যে প্রশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া পৰিকাঠামোেত শক্তিশালী আৰু ঐক্যবদ্ধ দক্ষিণ পূৱ এছিয় ৰাষ্ট্ৰগোষ্ঠী আছিয়ানে গঠনমূলক ভূমিকা পালন কৰিব পাৰে বুলি ভাৰতে সচাকৈ বিশ্বাস কৰে। আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰথম ভৱিষ্যত মঞ্চত ভার্চুৱেল ব্যৱস্থাৰে সম্বোধন কৰি ড° জয়শংকৰে কয় যে, ভাৰতৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ আৰু ভাৰত প্ৰসান্ত মহাসাগৰীয় বিষয় সন্দৰ্ভত আচিয়ানৰ বিশেষ দৃষ্টি আৰু সক্ৰিয়তাৰে এটা সৱল পৰিকাঠামো গঢ়ি তোলাৰ লগতে সুৰক্ষাৰ দিশত উমৈহতীয়া প্ৰত্যাহ্বানসমূহৰ বাবে এই মঞ্চই সুবিধা প্ৰদান কৰে।
Assamese | April 23, 2024 8:19 PM | Dr. S Jaishankar
আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰথম ভৱিষ্যত মঞ্চক সম্বোধন ড° এছ জয়শংকৰৰ