ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্রবর্তীয়ে আজি আকাশবাণী বাতৰি বিভাগৰ সঞ্চালকপ্রধান হিচাপে দায়িত্ব গ্রহণ কৰে। ১৯৯১ বেটছৰ ভাৰতীয় তথ্য সেৱাৰ বিষয়া শ্রীমতী চক্রবর্তীয়ে প্ৰেছ ইনফৰমেচন ব্যুৰ আৰু চেন্ট্রেল ব্যুৰ অৱ কমিউনিকেচনকে ধৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ কেইবাটাও সংবাদ সংস্থাত কার্যনির্বাহ কৰিছিল। তিনিটা দশকৰো অধিক সময়ৰ চাকৰিকালত ইতিপূর্বে তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত কেবিনেট মন্ত্ৰীৰ ব্যক্তিগত সচিব হিচাপেও দায়িত্ব পালন কৰে। উল্লেখযোগ্য যে আকাশবাণীৰ বাতৰি বিভাগৰ সঞ্চালক প্রধান বসুধা গুপ্তাই কালি অৱসৰ গ্ৰহণ কৰাৰ পাছত ভাৰতীয় তথ্য সেৱাৰ বিষয়া তথা অসমৰ তেজপুৰৰ মৌচুমী চক্রবর্তীয়ে আজি দায়িত্ব গ্ৰহণ কৰে।
Assamese | May 1, 2024 1:36 PM | Akashvani DIG News