আকাশবাণী ডিব্ৰুগড় কেন্দ্রই আজি ৰঙালী বিহুৰ তৃতীয় দিনাখন কেন্দ্ৰটোত দীর্ঘদিন সেৱা আগবঢ়াই যোৱা কেইবাগৰাকীও প্রাক্তন সতীর্থক একোখনকৈ ফুলাম গামোছাৰে বিহুৰ ওলগ জনায়। আজিৰ অনুষ্ঠানত প্রবীণ অনাতাঁৰ সম্প্ৰচাৰক আৰু শিল্পী হীৰেণ গোঁহাই, চৈয়দ ছাদুল্লা, অঞ্জনা বৰুৱা, ভূপেন গগৈ, ত্রিবেণী দাস গগৈ, ৰূপজ্যোতি দুৱৰা, লক্ষী দত্ত, তৰেন লেখাৰু, উৎপল ভট্টাচাৰ্য আৰু সুৰেশ হাতীমূৰীয়াই অংশগ্ৰহণ কৰি কেন্দ্ৰটোৰ বিভিন্ন অনুষ্ঠান সম্পর্কে মন্তব্য আগবঢ়ায় আৰু এইসমূহৰ মান উন্নত কৰাৰ বাবে কেইবাটাও বহুমূলীয়া পৰামৰ্শ দিয়ে। কেন্দ্ৰটোৰ অনুষ্ঠান মুৰববী লোহিত ডেকা প্ৰমুখ্যে আকাশবাণী ডিব্ৰুগড়ত বৰ্তমান কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলে প্ৰাক্তন সতীর্থকেইগৰাকীক আন্তৰিকভাৱে আদৰণি জনায়।
Assamese | April 16, 2025 7:35 PM | Akashvani Dibrugarh Bihu
আকাশবাণী ডিব্ৰুগড় কেন্দ্রত দীর্ঘদিন সেৱা আগবঢ়োৱা কেইবাগৰাকীও প্রাক্তন সতীর্থক বিহুৰ ওলগ